ভিজুৱেলএডিটৰ/বাৰ্তাপত্ৰ/২০১৫/অক্টোবৰ
অন্য ভাষাত পঢ়ক • এই বহুভাষিক বাৰ্তাপত্ৰৰ গ্ৰাহক তালিকা
আপুনি জানেনে?
যোৱা বাৰ্তাপত্ৰৰ পাছত, ভিজুৱেলএডিটৰ দলে বহু বাগ সমাধান আৰু কিছু ক্ষুদ্ৰ ডিজাইন সলনি কৰিলে। সাপ্তাহিক স্থিতিৰ বিৱৰণি মিডিয়াৱিকি.অৰ্গত দাখিল কৰা হৈছে। তেওঁলোকৰ কাৰ্যফলক ফেব্ৰিকেটৰত উপলব্ধ। তেওঁলোকৰ বৰ্তমান অগ্ৰাধিকাৰবোৰ হৈছে জাপানিজ আৰু আৰবিক আদি ভাষাৰ সামৰ্থতা উন্নীতকৰণ, ম'বাইলত সম্পাদনা সহজ কৰি তোলা, আৰু ফৰ্মূলা, চাৰ্ট, গেলেৰী আৰু আপল'ড আদিৰ বাবে ৰিচ-মিডিয়া সজুলি উপলব্ধ কৰোৱা।
শেহতীয়া উন্নতিবোৰ
শৈক্ষিক বৈশিষ্ট: আপুনি প্ৰথমবাৰ ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰোতে, আপোনাৰ মনোযোগ Link আৰু ⧼visualeditor-toolbar-cite-label⧽ সজুলিয়ে আকৰ্ষণ কৰে। এই সজুলিবোৰত টিপিলে, এইবোৰ কিয় ব্যৱহাৰ কৰা উচিত, ই তাক ব্যাখ্যা কৰে।(T108620) ইয়াৰোপৰি, অধিক আদৰণিয় সম্পাদনাৰ বাবে নতুন সদস্যৰ আদৰণি বাৰ্তাকো সৰলীকৃত কৰা হৈছে। (T112354) অধিক চফ্টৱেৰ-সন্নিবিষ্ট শৈক্ষিক বৈশিষ্টৰো পৰিকল্পনা কৰা হৈছে।
সংযোগ: কেতিয়া কোনো সংযোগত পাঠ যোগ কৰা হয় আৰু কেতিয়া ইয়াৰ পাছত কোনো সৰল পাঠ লিখা হয়, সেইটো বৰ্তমান সহজে বোধগম্য হৈছে। (T74108, T91285) বৰ্তমান এই এডিটৰত ISBN, PMID বা RFC নম্বৰবোৰ সম্পূৰ্ণৰূপে সমৰ্থন কৰে। (T109498, T110347, T63558) এই "যাদুকৰী সংযোগ"বোৰে এক কাষ্টম সংযোগ সম্পাদনা সজুলি ব্যৱহাৰ কৰে।
আপল'ড: এতিয়া পঞ্জীভূত সদস্যই সম্পাদনাৰ সময়ত কমন্সত চিত্ৰ আপল'ড আৰু অন্য মিডিয়া আপল'ড কৰিব পাৰে। নতুন টেবত "Insert Images and media" সজুলিত টিপক। আপোনাৰ সম্পাদনা ব্যাহত নোহোৱাকৈ আপোনাক আপল'ড পক্ৰিয়াৰ সহায় আগবঢ়োৱা হ'ব। শেষত, চিত্ৰখন অন্তৰ্ভূক্ত কৰা হয়। এই সজুলিৰ দ্বাৰা সদস্যৰ নিজা আৰু কমন্স ষ্টেণ্ডাৰ্ড লাইচেঞ্চৰ অধীনত এবাৰত এখন চিত্ৰহে আপল'ড কৰিব পাৰি। অধিক জটিল পৰিস্থিতিত, এই সজুলি অধিক উন্নত আপল'ড সজুলিলৈ সংযোগ প্ৰদান কৰে। আপুনি এডিটৰলৈ চিত্ৰ দ্ৰাগ কৰিবও পাৰে। এই সুবিধা পিছলৈ ৱিকিপাঠ সম্পাদকতো উপলব্ধ হ'ব।
ম'বাইল: পূৰ্বতে, কেৱল টেবলেটৰ ম'বাইল ৱিকিপিডিয়া ছাইটতহে ভিজুৱেল এডিটৰ উপলব্ধ আছিল। বৰ্তমান, সদস্যসকলে ইচ্ছা কৰিলে সকলো ডেভাইছৰ পৰা এডিটৰ ব্যৱহাৰ কৰিব পাৰে। (T85630) পূৰ্বতে ম'বাইল ৱেবছাইতত এডিট কনফ্লিক্টবোৰ ভগ্ন হৈ গৈছিল, এতিয়া ৱিকিপাঠ আৰু ভিজুৱেল এডিটৰ উভয়তে ইয়াৰ সংশোধন কৰা হৈছে। (T111894) কেতিয়াবা সাঁচ আৰু এনেধৰণৰ সমলবোৰ ম'বাইল ৱেবছাইটত বিলোপ কৰিব নোৱাৰি। কিছুমান ব্ৰাউজাৰত এইবোৰ চয়ন কৰিলে অনস্ক্ৰীন কীবৰ্ড লুকাই যায়। এতিয়া কীবৰ্ড লুকাই গ'লেও এইবোৰ বিলোপ কৰিবলৈ এটা নতুন "Delete" বুটাম দিয়া হৈছে। (T62110) এতিয়া আপুনি ম'বাইলৰ পৰা তালিকাৰ কোষবোৰো সম্পাদনা কৰিব পাৰে।
ৰিচ সম্পাদনা সজুলি: ভিজুৱেল এডিটৰত এতিয়া আপুনি sheet music যোগ আৰু সম্পাদনা কৰিব পাৰিব।(T112925) ইয়াত MIDI আৰু Ogg শ্ৰাব্য ফাইলৰ দৰে উন্নত বিকল্পৰ বাবে পৃথক টেব আছে। (T114227, T113354) সম্পাদনাৰ সময়ত ফৰ্মূলা আৰু অন্য ব্লক, ক্ৰুতি আদি প্ৰদৰ্শিত হয়। ইয়াত কিছু প্ৰকাৰৰ লেখ সম্পাদনা কৰিবও পাৰি; লতুনকৈ যোগ কৰা, আৰু নতুন প্ৰকাৰ সমৰ্থন কৰা আদিও উপলব্ধ কৰোৱা হ'ব।
ইংৰাজী ৱিকিপিডিয়াত একাউণ্ট সৃষ্টকৰা যিকোনো সদস্যৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভিজুৱেল এডিটৰ উপলব্ধ। পছন্দসমূহৰ চাবি Special:Preferencesৰ অন্তৰ্গত সাধাৰণ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল।
ভৱিষ্যত পৰিবৰ্তন
সম্পাদনা আৰম্ভ কৰাৰ পাছত অতি সোনকালে আপুনি ৱিকিপাঠৰ পৰা ভিজুৱেল এডিটৰলৈ সলনি কৰিব পাৰিব। (T49779) পূৰ্বতে, কেৱল ভিজুৱেল এডিটৰৰ পৰাহে ৱিকিপাঠলৈ সলনি কৰিব পৰা গৈছিল। উভয়-দিশলৈ সলনি কৰিব পৰা হোৱা বাবে একক সম্পাদনা টেব সম্ভৱপৰ হৈছে। (T102398) এই প্ৰকল্পই "Edit" আৰু "Edit source" টেবক একমাত্ৰ "Edit" টেবত একেলগে ৰাখিছে, ম'বাইল ৱেবছাইটত ব্যৱহাৰ কৰাৰ দৰে। "Edit" টেবটো আপুনি পূৰ্ৱতে কৰা সম্পাদনাৰ পৰিৱেশত খোল খায়।
আহক একেলগে কাম কৰোঁ
- VisualEditor/Feedbackত আপোনাৰ বিচাৰ আৰু প্ৰশ্ন ভাগবতৰা কৰক। এই feedback পৃষ্ঠাত আলোচনাৰ বাবে Flow ব্যৱহৃত হয়।
- আপুনি কোৰিয়ান বা জাপানিজত পঢ়িব বা লিখিব জানেনে? কিছুমান ভাষা টাইপ কৰোঁতে কোনে কি সজূলি ব্যৱহাৰ কৰে, ভাষা অভিযন্তা ডেভিদ চানে জানিব বিচাৰিছে।যদি আপুনি কোৰিয়ান বা জাপানিজ কব পাৰে, তেন্তে এই ভাষাৰ অভীক্ষাত সহায় কৰিব পাৰে। অনুগ্ৰহ কৰি সহায়ৰ বাবে হোৱাট টু টেষ্টৰ সহায়িকা চাওক আৰু ফেব্ৰিকেটৰত (কোৰিয়ান - জাপানিজ) বা ৱিকিপিডিয়াত (কোৰিয়ান - জাপানিজ) দাখিল কৰক।
- স্থানীয় প্ৰশাসকসকলে আপোনাৰ ৱিকিত চাইটইড স্বয়ংক্ৰিয় তথ্যসুত্ৰ বৈশিষ্ট সংস্থাপন কৰি ল'ব পাৰে। যদি আপুনি সহায় বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ফ্ৰেবিকেটৰৰ চাইটইড প্ৰকল্পত এটা অনুৰোধ জনাওক। আপোনাৰ ৱিকিৰ অতি গুৰুত্বপূৰ্ণ চাইটেচন সাঁচৰ বাবে সাঁচতথ্যৰ সংযোগ সংলগ্ন কৰক।
- স্বেচ্ছাসেৱকৰ বাবে সাপ্তাহিক টাস্ক ট্ৰেইজ সভা মুকলি কৰা হৈছে। mw:VisualEditor/Weekly triage meetingsত যোগদান আৰু বাগ পাৰ্থীত্বৰ বিষয়ে শিকক। বিবেচনাৰ বাবে বাগ পাৰ্থীত্ব কৰিবলৈ সভাত উপস্থিত থকাৰ প্ৰয়োজন নাই। তাৰ সলনি, ফেব্ৰিকেটৰলৈ গৈ মূল ভিজুৱেলএডিটৰ প্ৰকল্পৰ সৈতে বাগ "associate" কৰক।
যদিহে আপুনি আপোনাৰ প্ৰিয় ভাষাত এই বাৰ্তা পঢ়ি থকা নাই, তেন্তে আমাক অনুবাদ কৰাত সহায় কৰক! অনুবাদকৰ ডাক তালিকাৰ গ্ৰাহকভূক্ত হওক বা পোনপতীয়াকৈ আমাৰ লগত যোগাযোগ কৰক, যাতে পৰৱৰ্তী সময়ত আমি আপোনাক সূচিত কৰিব পাৰোঁ। ধন্যবাদ!